মই তোমাৰ দৰে হ’ব নোৱাৰিম বুজিছা

মই তোমাৰ দৰে হ’ব নোৱাৰিম বুজিছা
তোমাৰ হৃদয় নাথাকিলেও
মোৰ তেজ মঙহৰ এখন হৃদয় আছে
তুমি তোমাৰ ভাললগা বোৰ
বাৰে বাৰে সলনি কৰিব পাৰিলেও
মই নোৱাৰো, মোৰ হৃদয়খন ইমান বহল নহয় অ’

বুজিছা তুমি মৰমৰ নামত কেৱল কষ্ট দিলা
তাৰ প্ৰতুত্তৰ মই দিব নোৱাৰিম অ’
কাৰণ, মই প্ৰেমক সন্মান কৰিব জানো

মই তোমাৰ দৰে হ’ব নোৱাৰিম বুজিছা
সৰু সৰু কথাত দুখ পালে
আজিও মই চিঞৰী চিঞৰী কান্দো
তুমি কষ্ট দিলে আজিও মই
ফেকুৰি ফেকুৰি কান্দো
মই নোৱাৰিম বুজিছা তোমাক সুখী কৰিবলৈ
নিজক সলনি কৰিব মই নোৱাৰিম

আজীৱন তোমাৰ সতে কতোৱাৰ শপত
মই বাদ দিব নোৱাৰিম
তুমি মোক দেখুৱা সপোনবোৰ
মই পাহৰিব নোৱাৰিম
নাই মোৰ জীৱনলৈ ঘুৰি আহিবলৈ তোমাক
মই অনুগ্ৰহ কৰিব নোৱাৰিম

তোমাৰ অবিহনে জীয়াই থাকিব, মই নোৱাৰিম
মই তোমাৰ দৰে হ’ব নোৱাৰিম বুজিছা
মই তোমাৰ দৰে হ’ব নোৱাৰিম

Leave a comment

Design a site like this with WordPress.com
Get started